ব’হাগৰ ৰাগিণী
(পুলক জ্যোতি শৰ্মা)
পছোৱাৰ বাত উৰি
ধূলিৰ ওৰণি আঁতৰাই
তাই আকৌ ভুমুকি মাৰিলে আহি
তাই অহাৰ বতৰা
বিৰিখৰ ফাঁকে ফাঁকে বিয়পিল চৌদিশে
কুউ – কুউ--- কুউ ---
আকাশে দুন্দুভি বজালে
ঢুলীয়াই মাৰিলে ঢোলত ছেও
দাও দাও খিতা দাও দাও খিতা
দাও দাও খিতা ঘিন
জাত জাত পথৰুৱা নামৰ ছেৱ্ত
টাকুৰী ঘূৰাদি ঘূৰি বিহুৱতীহঁত
চিফুঙৰ লহৰত পখিলা উৰাদি উৰি চিখলাহঁত
একোজনী বৰদৈচিলা হ’ল
বুকুৰ বতৰা বুকুলৈ উৰি গ’ল
চৌদিশ আমোলমোল ব’হাগৰ গোন্ধত
চৌদিশ ৰজনজন ব’হাগৰ ৰাগত
ৰাগিণী পেঁপাৰ টিহিটি মাতত
ৰাগিণী গুমৰাগৰ ছেৱত
ৰাগিণী মিৰাচীহঁতৰ নাচোনত
ৰাগিণী তাঁতৰপাটত
ৰাগিণী পথাৰত, আঁহতৰ তলত
ৰাগিণী বিৰিখৰ ডালে পাতে
ৰাগিণী বাউলী বিহগীৰ আকুল মাতত
মেঘৰ চপৰাবোৰে নিগৰালে নোৱনি পানী
বাৰেৰঙী বুটাবছা সেউজবুলীয়া নসাজযোৰত
তাই উঠিল উজলি
ৰাগিণীত ভাঁহি উঠিল সেই প্ৰাচীন সুৰ
সেই প্ৰাচীন গোন্ধ – উৰ্বৰতাৰ
ঢৌৱাই গ’ল এক উন্মাদনাই – নতুনৰ উন্মেষৰ
উজলি উঠে সেই উন্মাদনাত জাতিৰ জীৱনৰেখা
দীৰ্ঘতৰ হয় সেই উন্মেষত জাতিৰ আয়ুসৰেখা
ব’হাগৰ ৰাগিণীত ধ্বনিত হয়
জাতিৰ শতিকা শতিকা জোৰা প্ৰাণৰ গাথা
********